বালিজানা: প্ৰতিকুল বতৰৰ মাজতে শোলমাৰীত কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠনৰ দাবীৰে পদযাত্ৰা
প্ৰতিকুল বতৰৰ মাজতে শোলমাৰীত কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ আৰু ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীৰে বিশাল পদ যাত্ৰা গোৱালপাৰাৰ শোলমাৰীৰ পৰা আগিয়া লৈ উলিওৱা পদযাত্ৰাত প্ৰায় ৫ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লেকাৰ্ড বেনাৰ লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মনোজ কুমাৰ ৰায়ে অংশগ্ৰহণ কৰে।