ডুমডুমা: ধলাৰ বিচনীমুখ খেৰবাৰী গাঁওত ২০১৮ চনত সংঘটিত হত্যা কাণ্ডত নিহত পঞ্চ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি বাঙ্গালি যুব-ছাত্ৰ ফেডাৰেচনৰ
২০১৮ চনৰ ১ নৱেম্বৰত ধলাৰ বিচনীমুখ খেৰবাৰী গাঁওত সন্দেহজনক আততায়িয়ে সহজ -সৰল খেতিয়ক ৫ হিন্দু বাঙ্গালিক গুলিয়াই হত্যা কৰিছিল। শনিবাৰে বিয়লি প্ৰায় ৩ বজাত উক্ত পঞ্চ শ্বাহিদ বেদিত সদৌ অসম বাঙ্গালি যুব-ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিৰ সম্পাদক অজিত দেবনাথ সহ প্ৰতিনিধি দল উপস্থিত হৈ শ্বাহিদ সকলক পূষ্পাঞ্জলি প্ৰদান কৰি চৰকাৰক হুঙ্কাৰ প্ৰদান কৰে আহা নিৰ্বাচনৰ আগে আগে পিৰিত পৰিয়ালক সংস্থাপনৰ নিদিলে উপযোক্ত ব্যবস্থা গ্ৰহণ কৰা হ'ব বুলি সংবাদ মাধ্যমৰ জৰিয়তে অৱগত কৰে ।