ডুমডুমা: ৰাষ্ট্ৰীয় বজৰং দলৰ জিলা সভাপতি ৰাজ পাটনায়কৰ উপস্থিতিত ডুমডুমাত আঞ্চলিক বজৰং দল গঠন
ৰাষ্ট্ৰীয় বজৰং দলৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ৰাজ পাটনায়কৰ তৎপৰতাত শুকুৰবাৰে সন্ধ্যা প্ৰায় ৭ বজাত ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱনত বজৰং দলৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ৷ সভাত দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত আলোচনা কৰাৰ অন্তত সভাই বজৰং দলৰ ডুমডুমা আঞ্চলিক সমিতিৰ অনুৰাগ কৈৰীক সভাপতি আৰু শৰৎ চৌধুৰীক সাধাৰণ সম্পাদক হিচাপে গঠন কৰে ।