বৃহস্পতিবাৰে সন্ধ্যা প্ৰায় ৭ মান বজাত তিনিচুকীয়াৰ গেলা পুখুৰী পথত চোকা অস্ত্ৰৰে দুৰ্বৃত্তই আক্ৰমণ কৰে এগৰাকী যুৱতীক । তথ্য অনুসৰি তিনিচুকীয়াৰ এটা প্ৰাইভেট কোম্পানীত কৰ্মৰত ২০ বছৰ বয়সৰ জনৈক গড় নামৰ এগৰাকী যুৱতীক কৰ্মস্থলীৰ পৰা ঘৰলৈ উভতাৰ পথত দুজন অচিনাকি দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত হয় যুৱতী গৰাকী । আহত যুৱতীগৰাকীক তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ।