তিনিচুকীয়া: সদৰৰ তিনিকোণীয়া পুখুৰী পার্কত একাংশ ব্যৱসায়ীয়ে জাৱৰ পেলোৱাত কদৰ্যময় পৰিবেশৰ সৃষ্টি , অতিষ্ঠ স্থানীয় লোক
তিনিচুকীয়া চহৰৰ মাজমজিয়াত একাংশ ব্যৱসায়ীৰ কৰ্ম কাণ্ডত অতিষ্ঠ স্থানীয় লোকসকল । তিনিচুকীয়াৰ ঐতিহাসিক তিনিকোণীয়া পুখুৰী আদি কৰি বহু ঐতিহ্যমণ্ডিত স্থানৰ দেৱালৰ কাষত জাৱৰ পেলাই কদৰ্যময় পৰিবেশ সৃষ্টি কৰাৰ ফলত উক্ত স্থানৰ ফালে যাওঁতে জাৱৰ লেতেৰা আৱৰ্জনা সমূহৰ পৰা দুৰ্গন্ধ ওলোৱাত অতিষ্ঠ হৈ পৰাৰ অভিযোগ উত্থাপন কৰিছে । শনিবাৰে বিয়লি প্ৰায় ৩ বজাত তিনিচুকীয়া পৌৰ পতি পুলক চেতিয়াক ব্যৱসায়ী সকলৰ বিৰুদ্ধে ব্যৱস্থা গৃহণ কৰিবলৈ আহ্বান জনাইছে