গোৱালপাৰাৰ সিধাবাৰীত চুৰি কাণ্ড ঘটনা ।
গোৱালপাৰা জিলাৰ মাটিয়া থানাৰ অন্তৰ্গত সিধাবাৰীত চাঞ্চল্যকৰ চুৰি কাণ্ড ৷ সিধাবাৰীৰ প্ৰয়াত BSF সুচীল নাথৰ বাসগৃহত এই চুৰি কাণ্ড সংঘটিত হয় ৷ নিশা বাসগৃহত প্ৰয়াত সৈনিকৰ পত্নী জিন্তি নাথ সহ পৰিয়ালৰ লোক নথকাৰ সুযোগ গ্ৰহণ কৰি চোৰে ঘৰৰ তোলা ভাঙি লুটি নিলে সোণ-গহনাৰ লগতে নগদ ধন প্ৰায় ১৫,০০০ টকা ৷
গোৱালপাৰাৰ পৰা চিণ্টু নাথৰ প্ৰতিবেদন
#nekhabar #assam #goalpara #matia #police