নলবাৰী: চহৰত কবি কন্দৰ্প কুমাৰ দাসৰ একুঁকি হাইকু কবিতা পুথিৰ দ্বিতীয় সংস্কৰণৰ উন্মোচন কৰে জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে
নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি কবি কন্দৰ্প কুমাৰ দাসৰ "একুঁকি হাইকু" দ্বিতীয় সংস্কৰণৰ উন্মোচন কৰা হয়। নলবাৰী জিলা পুথিভঁৰালত কবিতাৰ পুথিখন উন্মোচন কৰে নলবাৰী জিলা আয়ুক্ত নিবেদন দাস পাটোৱৰীয়ে ।এই উপলক্ষে অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।