বাক্সাৰ দুৰ্ঘটনাটো দুৰ্ভাগ্যজনক ,প্ৰাণৰ শিল্পী গৰাকীৰ কাৰণে ন্যায় লাগিব , ন্যায়ৰ সংগ্ৰাম কঠোৰতম হব লাগিব কিন্তু সেই সংগ্ৰাম অহিংস হব লাগিব ,শান্তিপূৰ্ণ হব লাগিব ,গণতান্ত্ৰিক হব লাগিব বুলি আছুৰ সভাপতি উৎপল শর্মাই ডুমডুমাত বৃহস্পতিবাৰে বিয়লি প্ৰায় ৩ বজাত সংবাদ মাধ্যমৰ জৰিয়তে মন্তব্য প্ৰদান কৰে । যোৱাকালিৰ ঘটনাটোত সংবাদ মাধ্যমৰ কৰ্মী আক্ৰমণৰ বলি হৈছে,সংবাদমাধ্যমৰ বাহন জ্বলাই দিয়া হৈছে ,এনেধৰণৰ ঘটনা দুৰ্ভাগ্যজনক ,গৰিহণাৰ যোগ্য বুলি কয় আছুৰ সভাপতিগৰাকীয়ে ।