নগাঁও: কলিয়াবৰ মিৰিভেটিত সোমবাৰে নিশা নিয়ন্ত্ৰণ হেৰুৱাই এখন TATA PUNCH বাহন সোমাই এটা পুখুৰীত,আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে বাহন
Nagaon, Nagaon | Sep 16, 2025 কলিয়াবৰ মিৰিভেটিত সোমবাৰে নিশা প্ৰায় ১১ বাজি ৩০ মিনিটত নিয়ন্ত্ৰণ হেৰুৱাই AS-01-FG-4454 নম্বৰৰ এখন TATA PUNCH বাহন সোমাই পৰে এটা পুখুৰীত। গাড়ীখনৰ ভিতৰৰ পৰা উদ্ধাৰ হয় এজন সুৰামক্ত যুৱকৰ লগতে দুগৰাকী যুৱতী। স্থানীয় ৰাইজৰ তৎপৰতাত তিনিওকে উদ্ধাৰ কৰে যদিও ঘটনাটো সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত পৰিণত হয় চাঞ্চল্যৰ। সুৰামক্ত যুৱকজন কলিয়াবৰ উলুৱনী গাৱঁৰ হৰ্ষজ্যোতি বৰা বুলি জানিব পৰা গৈছে।ঘটনাস্থলিত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ প্ৰায় তিনিঘন্টাৰ মুৰত পুখুৰীৰ পৰা বাহনখন উদ্ধাৰ কৰে।