মঙ্গলবাৰে সন্ধিয়া প্ৰায় ৭ বজাত সকলো শ্ৰমিকৰ ঘৰৰ বিদ্যুৎ কৰ্তন কৰি ৰখাত শ্ৰমিক সকল ক্ষোভিত হৈ পৰে। সকলো শ্ৰমিকে বাগিচা পৰিচালকৰ কাৰ্য্যালয়ৰ চৌহদ উত্তাল কৰি তুলিছে। শ্ৰমিক সকলে জনোৱা অনুসৰি বিজুলী প্ৰদানৰ নামত তেওঁলোকৰ পৰা 4000-5000 টকা বিগত সময়ত মেনেজমেন্টে সংগ্ৰহ কৰিছিল।।আৰু সেই ধনৰ মুঠ পৰিমাণ প্ৰায় 13 লাখ। কিন্তু আজি হঠাৎ বিদ্যুৎ কৰ্তন কৰি দিয়াত পৰিস্থিতি উত্তপ্ত হৈ পৰে।