সোণাৰি: সোণাৰিত চাহ খেতিয়ক সন্থাৰ তীব্ৰ প্ৰতিবাদ
সোণাৰিত লাচিত উদ্যানৰ সন্মুখত সোমবাৰে ১২ বজাত ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । ১ জুনৰ পৰা ব্ৰটলিফ ফেক্টৰী সমুহে কেচা চাহ পাত বিষাক্ত ৰাসায়নিক দ্ৰব্য থকাৰ অজুহাত দেখুৱাই কেচা চাহ পাত ক্ৰয় কৰা বন্ধ ৰখাত হাহাকাৰ লাগিছে হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত । ব্ৰটলিফ ফেক্টৰী সমুহে চাহ পাত ক্ৰয় কৰাৰ লগতে চৰকাৰে জাৰি কৰা নীতি নিৰ্দেশনা সমূহ শিথিল কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।