সোণাৰি: মথুৰাপুৰত পোহনীয়া হাঁহ কুকুৰা চুৰি কৰি সন্ত্ৰাস সৃষ্টি কৰা মনোজ গোৱালা নামৰ গভাইট চুৰক স্থানীয় ৰাইজে আটক কৰে ৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থনাৰ এলেকাৰ মথুৰাপুৰ ভকত গাওঁত পোহনীয়া হাঁহ কুকুৰা চুৰি কাণ্ডৰ ঘটনা ৷মনোজ গোৱালা নামৰ এটা গভাইট চুৰক স্থানীয় ৰাইজে আটক কৰে ৷মনোজ গোৱালাই জন গগৈ আৰু স্থানীয় ৰাইজৰ ২৮ টাকৈ কুকুৰা আৰু হাঁহ চুৰি নিজ বাসগৃহত ৰাখিছিল ইয়াৰে স্থানীয় ৰাইজে ৮ টা কুকুৰা মনোজ গোৱালাৰ বাসগৃহৰ পৰা উদ্ধাৰ কৰে ৷আটকাধীন মনোজ গোৱালাক মথুৰাপুৰ থানাত চমজাই স্থানীয় ৰাইজে ৷