ওদালগুৰি: ডিমাকুছিত বিভিন্ন প্ৰান্তত হিয়াৰ আমঠু জুবিনক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন, বাইক ৰেলী আৰু স্মৃতিচাৰণ সভা
অসমীয়াৰ হিয়াৰ আমঠু , হাৰ্টথ্ৰৱ , অসমীয়াৰ অহংকাৰ জুবিন গাৰ্গৰ মহাপ্ৰয়ানত শোকস্তব্ধ সকলো । বাকৰুদ্ধ হৈ পৰিছে প্ৰতিজন অসমীয়া । প্ৰাণৰ শিল্পী গৰাকীক হেৰুৱাই বাকৰুদ্ধ হৈ পৰা প্ৰতিজন অসমীয়াই আজি অশ্ৰসিক্ত নয়ণেৰে শ্ৰদ্ধাঞ্জলি জনাইছে। ডিমাকুছিৰ বিভিন্ন প্ৰান্তত প্ৰয়াত শিল্পী গৰাকীলৈ জনাই গভীৰ শ্ৰদ্ধাঞ্জলি । পানেৰীত মহিলা গোটৰ উদ্যোগত শতাধিক মহিলাই জুবিন গাৰ্গক স্মৰণ কৰি সমদল উলিয়ায় , ডিমাকুছিৰ বগৰীতল যুৱক সংঘৰ সৌজন্যত বগৰীতলবাসী ৰাইজে একেলগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷