ওদালগুৰি: ওদালগুৰি পৌৰসভাগৃহত হস্ততাঁত আৰু হস্তশিল্প ৰ কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰে অতিৰিক্ত জিলা আয়ুক্ত লক্ষ্মী কুটুমে
ওদালগুৰি জিলাৰ ওদালগুৰি পৌৰসভাৰ সভাগৃহত বিশ্ব বেংকৰ সাহাৰ্য্যত ভাৰত চৰকাৰৰ মজলীয়া-ক্ষূদ্ৰ-লঘু উদ্যোগৰ উদ্যোগত অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগম (ASIDC)ৰ সহযোগত আৰু জিলা বাণিজ্য কেন্দ্ৰ(DIC), উত্তৰ পূৱ হস্ততাঁত আৰু হস্তশিল্প উন্নয়ন নিগম (NEHHDC) ৰ সহযোগত এদিনীয়া হস্ততাঁত আৰু হস্তশিল্প খণ্ডৰ কাৰিকৰী কৰ্মশালা অনুষ্ঠিত কৰা হয়। ওদালগুৰি জিলাৰ অতিৰিক্ত জিলা উপায়ুক্ত লক্ষ্মী কুটুমে বন্তি প্ৰজ্বলন কৰি কৰ্মশালাৰ শুভাৰম্ভণি কৰি উপস্থিত থকা ১২০ জন ক্ষুদ্ৰ উদ্যোগীয়ে প্ৰশিক্ষণ লয়