তিনিচুকীয়া: মাকুম ছ'টা হাপজানত ড্ৰাগছ বেপাৰীৰ বাসগৃহ উচ্ছেদ কৰিলে একাংশ ৰাইজে
বুধবাৰে দুপৰীয়া প্ৰায় ১ বজাত মাকুম ছ'টা হাপজানৰ ৰেলৱে লাইনৰ কাষত থকা ৰীনা চাহু নামৰ মহিলা এগৰাকীৰ বাস গৃহত ই-ৰিক্সা চালক দুজনে নিষিদ্ধ ড্ৰাগছ ক্ৰয় কৰিবলৈ লওঁতে মাকুম ই ৰিক্সা চালক সন্থাৰ সভাপতি ,সম্পাদক দুজনে প্ৰত্যক্ষ কৰাত,লগে লগে খৱৰ বিয়পি পৰে,তাৰ পাছতে স্থানীয় ৰাইজে ৰীনা চাহুৰ ঘৰত অভিযান চলাই নিষিদ্ধ ড্ৰাগছৰ খালী টেমা আৰু ড্ৰাগছ সেৱন কৰা সামগ্ৰী উদ্ধাৰ কৰে ।