মৰঙী: নুমলীগড়ত ধনশিৰিৰ ভদীয়া বানৰ তাণ্ডৱ, মৰঙিত চাহ বাগিচাত উদ্ধাৰ বানত উটি অহা এগৰাকী বৃদ্ধা, চিকিৎসালয়লৈ প্ৰেৰণ
নুমলীগড়ত ধনশিৰিৰ ভদীয়া বানৰ তাণ্ডৱ। সোমবাৰে দিনৰ প্ৰায় ৯.৩০ মান বজাত মৰঙিত চাহ বাগিচাত উদ্ধাৰ বানত উটি অহা এগৰাকী বৃদ্ধা। সৰুপথাৰৰ ২নং ৰঙাপাৰৰ পৰা বানত উটি অহা বৃদ্ধাগৰাকী উদ্ধাৰ হয় নুমলীগড়ৰ মৰঙি চাহ বাগিছা অঞলত। মৰঙি চাহ বাগিছাৰ স্থানীয় ৰাইজে উদ্ধাৰ কৰে বৃদ্ধা গৰাকীক। বৃদ্ধা গৰাকীৰ নাম পাটাচি দেৱী। সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ বৃদ্ধা গৰাকীক। নিশাৰ পৰা দ্ৰুত গতিত উফন্দি উঠিছে ধনশিৰিৰ জলপৃষ্ঠ। ভদীয়া বানত প্লাৱিত মৰঙি মৌজাৰ ন ন অঞ্চল।