শুকুৰবাৰে সন্ধ্যা প্ৰায় ৭ বজাত হানচৰা বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । AS-06AC0589 আৰু As23 AC 4042 নম্বৰৰ দুখন কেঁচা চাহ পাত কঢ়িয়াই অনা 709 বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । পথ দুৰ্ঘটনাৰ ফলত পাঁচজন লোক আহত হয়। আঘাতপ্ৰাপ্ত লোক সকলক ততাতৈয়াকৈ ডুমডুমাৰ নাছিং হোমত ভৰ্তি কৰোৱা হয় যদিও এজনৰ অৱস্থা সংকট জনক হোৱাত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় । অৱস্থা গুৰুতৰ হোৱা লোকজন কাকপথাৰ ৰজাগড়ৰ ধনিৰাম ওৰাং(২২)বুলি জানিবলৈ পৰা গৈছে ।