চেঙা: চেঙা মুছলমান গাঁৱত জুবিন গাৰ্গৰ স্মৃতিত ১৫০ জোপা নাহৰ গছৰ পুলি ৰোপণ
জনতাৰ প্ৰাণৰ শিল্পী, অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ স্মৃতিত ৰবিবাৰে চেঙা মুছলমান গাঁৱত নাহৰ গছৰ পুলি ৰোপণ কৰা হয় । চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত আৰু বঙাইগাঁও সামাজিক বনানীকৰণ সংমণ্ডলৰ সহযোগত বৃহত্তৰ চেঙা মুছলমান গাঁৱৰ ৰাজহুৱা স্থানতৰ লগতে মন্দিৰ মছজিদ, মাদ্ৰাছা আৰু শিক্ষা অনুষ্ঠানত ৰোপণ কৰা হৈছে নাহৰৰ গছ পুলি । ১৫০ জোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হৈছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে । জুবিন গাৰ্গে জীৱিত কালত নাহৰ গছ ৰোপণ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছিল ।