ডুমডুমা: শাহু বোৱাৰীক চোকা অস্ত্ৰৰে আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি আজিও চেপা উত্তেজনা ডুমডুমাৰ ৰূপাই চাহ বাগিছাত
ৰূপাই চাহ বাগিছাৰ ১৪ নম্বৰ লাইনত ১০ নৱেম্বৰৰ নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । এই হত্যাকাণ্ডৰ পিছতেই একাংশ উত্তেজিত ৰাইজে অভিযুক্তৰ গৃহত অগ্নিসংযোগ কৰাৰ লগতে জ্বলাই দিয়ে অভিযুক্তৰ বাসগৃহত থকা এখন অ'ট' বাহন । উল্লেখযোগ্য যে, ৰশ্মি কৰ্মকাৰৰ স্বামী বহিঃৰাজ্যত কৰ্মৰত হৈ থকাৰ পৰিপ্ৰেক্ষিতত বাসগৃহত শাহুৰ সৈতে ৰশ্মি কৰ্মকাৰ আছিল ।আৰক্ষীয়ে দোষীক ফাষ্টট্ৰেক আদালতৰ যোগেদি ফাঁচী দিয়াৰ দাবী কৰিছে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, অসম চাহ জনজাতি মহিলা সমিতিয়ে ।