ওদালগুৰি: উত্তৰ কালিখোলাত খালিংদুৱাৰ পৰিষদীয় সমষ্টিত প্ৰমোদ বড়োৰ উপস্থিতিত নিৰ্বাচনী সভা
■ বিটিআৰ অন্তৰ্গত ননৈ চেৰফাং সমষ্টিৰ অন্তৰ্গত উত্তৰ কালিখোলাত বিটিচি নিৰ্বাচনী সভাত উপস্থিত থাকে ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়ো। সকলোৰে মুখত দেখা পোৱা হাঁহি দেখা পোৱা বুলি কয় প্ৰমোদ বড়োই। চৰকাৰ গঠন কৰাই আমাৰ একমাত্ৰ উদ্দেশ্য নহয়,বৰঞ্চ বড়োলেণ্ডৰ ৩৫ লাখ জনগণ আৰু ২৬ টা জনগোষ্ঠীৰ বিভিন্ন লোকক সেৱা কৰাটোহে আমাৰ উদ্দেশ্য বুলি কয় ইউপিপিএল দলৰ মুৰব্বী প্ৰমোদ বড়োই। আনহাতে, আগন্তুক চৰকাৰ গঠনৰ ক্ষেত্ৰত ৰাইজেহে বিবেচনা কৰিব বুলি কয় বড়োই।