নগাঁও: কলিয়াবৰৰ বামুণীত ড্ৰাগছ আসক্ত দুই যুৱকক কৰায়ত্ত্ব কৰে ৰাইজে,আৰক্ষী প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী ৰাইজৰ
Nagaon, Nagaon | Sep 18, 2025 কলিয়াবৰত ড্ৰাগছ আসক্ত দুই যুৱকক কৰায়ত্ত্ব কৰে ৰাইজে। কলিয়াবৰৰ চাহজনজাতি,কাৰ্বি,বড়ো জনগোষ্ঠী অধ্যুষিত বৃহত্তৰ বামুণী অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে ড্ৰাগছৰ বেহা - যাৰ বাবে বিপথে পৰিচালিত হৈছে বহু নৱ প্ৰজন্ম। কলিয়াবৰৰ বামুণী ভাটাবাৰীত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহোতেই দুই যুৱকক কৰায়ত্ত্ব কৰে স্থানীয় লোকে। আনহাতেদি ড্ৰাগছ বিক্ৰেতাজন পলাই যাবলৈ সক্ষম হয়। স্থানীয় লোকে আৰক্ষী -প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।