মৰঙী: মোৰ কোনো জাতি নাই , মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই জুবিন, শীৰ্ষক বাণীৰে ৰাজপথত আলোকেৰে আলোকিত তেলগৰমৰ ৰাজপথ
মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই মই মুক্ত মই জুবিন, শীৰ্ষক বাণীৰে সোমবাৰে নিশা ৯ বজাত ৰাজপথ আলোকেৰে আলোকিত তেলগৰম। তেলগৰমবাসীয়ে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে হাতত প্ৰজ্বলিত মম লৈ ওলাই আহিল ৰাজপথলৈ। ৰাজপথৰ মাজতে আলোকেৰে অংকিত কৰিলে জুবিন গাৰ্গৰ বিশেষ বাণী। মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত। জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিদেহ আত্মাৰ সদগতিৰ অৰ্থে ওলাই আহে হাজাৰ হাজাৰ জুবিন অনুৰাগী।