ডুমডুমা: ডুমডুমাত হিন্দু ধৰ্মৰ দেৱ - দেৱীৰ ফটো সম্বলিত আতচবাজী নৈত উটুৱাই দিলে বজৰংগ দলে
হিন্দুত্ববাদী সংগঠন বজৰংগ দলৰ কৰ্মীয়ে দেওবাৰে নিশা প্ৰায় ৮.৩০ বজাত ডুমডুমাৰ বজাৰত বিক্ৰী হৈ থকা হিন্দু ধৰ্মৰ দেৱ - দেৱীৰ ফটো সম্বলিত বহু সংখ্যক আতচবাজী জব্দ কৰি নৈত উটুৱাই দিয়ে। সনাতন হিন্দু ধৰ্মত যিসকল দেৱ-দেৱীক মানুহে পূজা - অৰ্চনা কৰে , সেইসকল দেৱ-দেৱীৰ ফটো লগাই ব্যৱসায় কৰাটো তেওঁলোকৰ প্ৰতি চৰম অপমান বুলি বজৰংগ দলে অভিযোগ কৰে। তেওঁলোকে ৰাইজক এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়।