জিলাৰ আয়ুক্ত দেবাশীষ শৰ্মাৰ পদক্ষেপক আদৰণি জনাইছে বৃহস্পতিবাৰে বিয়লি প্ৰায় চাৰি মান বজাত নগাঁও শাক পাচলি পাইকাৰী ব্যৱসায় সন্থাৰ সভাপতিয়ে ।লগতে তেওঁ কয় এনেধৰণৰ পদক্ষেপে ৰাইজ উপকৃত হব । উল্লেখ্য যে বৃহস্পতিবাৰে পুৱা জিলা আয়ুক্ত দেবাশীষ শৰ্মাই পুৱাই মাছ বজাৰ, পাচলি বজাৰত উপস্থিত হৈ চাডেন ভিজিট কৰে । খাদ্য সুৰক্ষা বিষয়া, ভ্ৰাম্যমান পৰীক্ষাগাৰ লগত লৈ হঠাৎ বজাৰ পৰিদর্শন জিলা আয়ুক্তৰ।ফৰ্মেলিনযুক্ত মাছ, কীটনাশক ঔষধযুক্ত পাচলি পৰীক্ষা কৰালে আয়ুক্ত গৰাকীয়ে।