তিনিচুকীয়া: বৰদলৈ নগৰত এগৰাকী বিধবা মহিলাৰ পৰা
ভুৱা নথি পত্ৰৰে সম্পত্তি দখলৰ অভিযোগ শহু- শাহুৰ বিৰুদ্ধে
তিনিচুকীয়াৰ বৰদলৈ নগৰৰ এগৰাকী দুভৰ্গীয়া বিধৱা মহিলাৰ পৰা ভুৱা নথিপত্ৰেৰে সম্পত্তি দখলৰ অভিযোগ। ২০০৬ চনত তিনিচুকীয়াৰ এক আভিজাত্য পৰিয়ালত বিবাহ পাশত আৱদ্ধ হৈছিল মহিলাগৰাকী । স্বামীৰ মৃত্যুৰ পাছত বৰ্তমান মহিলা গৰাকীয়ে তিনিচুকীয়াৰ লাইফ লাইন হাস্পতালৰ স্বত্বাধিকাৰ তথা শহুৰ ডঃ ব্ৰজেন গোহাঁই আৰু শাহু ৰাখী গোহাঁইৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰিছে । এই দুই শাহু শাহুৰৰে ভুৱা নথি পত্ৰ তথা জালিয়তিৰে সকলো সম্পত্তি নিজৰ নামত হস্তান্তৰ কৰি বঞ্চিত কৰাৰ অভিযোগ মহিলা গৰাকীৰ।