ওদালগুৰি: ওৰাং আৰক্ষী থানাত অতিৰিক্ত আৰক্ষী অধীক্ষক মুজ্জাফৰ হোছেইনৰ উপস্থিতিত হেৰুৱা২৯টাকৈ মোবাইল উদ্ধাৰ কৰি গৰাকীৰ হাতত অৰ্পণ
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানাত ওদালগুৰি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা)ৰ উপস্থিতিত বিগত এটা মাহত ২৯ টা হেৰুৱা মোবাইল উদ্ধাৰ কৰি গৰাকীৰ হাতত প্ৰদান কৰে। ওৰাং আৰক্ষীৰ এই প্ৰসংশনীয় পদক্ষেপক শলাগ লয় স্হানীয় সচেতন নাগৰিক সমাজে। ওৰাং এলেকাত বিভিন্ন সময়ত মোবাইলৰ গৰাকীৰ হাতৰ পৰা চুৰি হোৱা বা হাতৰ পৰা হেৰাই যোৱা মোবাইল সমুহ ওৰাং আৰক্ষীয়ে বিচাৰি আনি মোবাইলৰ গৰাকী সকলৰ হাতত ওদালগুৰি জিলা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মুজ্জাফৰ হোছেইনে গতাই দিয়ে ৷