পূব ডিব্ৰুগড়: লাহোৱালৰ মোহনবাৰীত সেনা বাহিনীৰ কেম্পত বিদ্যুৎপৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাৰ উচিত তদন্তৰ বাবে AMCHত দাবী পৰিয়ালৰ
ডিব্ৰুগড়ৰ উপকন্ঠ অঞ্চলৰ লাহোৱালৰ মোহনবাৰীত সেনা বাহিনীৰ কেম্পত চাঞ্চল্যকৰ ঘটনাৰ। ঠিকাদাৰী কামত নিয়োজিত এজন শ্ৰমিক বিদ্যুৎপৃষ্ট হৈ মৃত্যু হোৱাত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।কৰ্মৰত অৱস্থাত শ্ৰমিকজনক ঠিকাদাৰে কোনো ধৰণৰ সুৰক্ষা কৱচ প্ৰদান নকৰাৰ বুলি অভিযোগ উত্থাপিত হৈছে । ঘটনাৰ পিছত আৰক্ষীক অৱগত নকৰা ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী পৰিয়ালৰ