বোকাখাত: মহুৰা মুখত এগৰাকী মহিলাৰ মৃতদেহ পথৰ কাষৰ পথাৰত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ,স্বামীলৈ ঔষধ আনিবলৈ গৈ মৃত্যু মহিলা গৰাকীৰ
মহুৰা মুখৰ বৰটিকাত এগৰাকী মহিলাৰ মৃতদেহ পথৰ কাষৰ পথাৰত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ।ৰোগীয়া স্বামীলৈ ঔষধ আনিবলৈ গৈ পানীত পৰি মৃত্যু মহিলা গৰাকীৰ। বোকাখাত সম জিলাৰ কমাৰগাওঁ থানাৰ অন্তৰ্গত বৰটিকা গাঁৱৰ ৬ নং ৱাৰ্ডৰ ৫৫ বছৰীয়া কুলমনী তুৰী নামৰ মহিলা গৰাকীৰ মৃতদেহ পথৰ কাষৰ পথাৰত মঙ্গলবাৰে বিয়লি ৪ বজাত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে l সোমবাৰে বিয়লি ভাগত বেমাৰী স্বামী চয়তান তুৰীৰ বাবে ঔষধ আনিবলৈ গৈ পানীত পৰি মৃত্যুৰ সন্দেহ স্থানীয় লোকৰ।