শদিয়া: শদিয়াত তৰাণী গাঁও যুৱ সংঘৰ উদ্যোগত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ
শুভ উদ্বোধন বিধায়ক বলীন চেতিয়াৰ
মঙ্গলবাৰে বিয়লি প্ৰায় ৪ বজাত শদিয়াৰ পুৰণা তৰাণী গাঁও যুৱ সংঘৰ উদ্যোগত আৰু গাঁওখনৰ ৰাইজৰ সহযোগত আয়োজিত প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ শুভ উদ্বোধন কৰে সমষ্টিৰ বিধায়ক বলীন চেতিয়াই ৷ কুণ্ডিল ভেলি আৰু ডুপনি বৰগাঁও দলৰ মাজত হোৱা ৰোমাঞ্চকৰ খেলখন উপভোগ কৰি অভিভূত হয় বিধায়ক গৰাকীয়ে ।৷ স্থানীয় যুৱকসকলৰ ক্ৰীড়ানুৰাগক উৎসাহ যোগাই যুৱ সংঘই গ্ৰহণ কৰা এই পদক্ষেপক শলাগ লয় শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়াই