ডুমডুমা: মহাসপ্তমীৰ দিনাই ডুমডুমাত অঘটন,
গা ধুবলৈ গৈ দুটা কিশোৰৰ সলিল সমাধি
সোমবাৰে মহাসপ্তমীৰ দিনাই ডুমডুমাত গা ধুবলৈ গৈ দুটা কিশোৰৰ সলিল সমাধি হয় । *কিশোৰ দুটা ডুমডুমা হাঁহচৰা পথাৰ গাঁওৰ বিশাল মাহত্ব (১৬) আৰু চাহিল ঠাকুৰ (১৫) বুলি জানিবলৈ পোৱা গৈছে । ঘটনাৰ বিৱৰণী মতে আবেলি প্ৰায় ৩ বজাত ঘৰৰ কাষতে থকা ডিব্ৰু নৈত গা ধুবলৈ সলিল সমাধি ঘটে দুই নৱম শ্ৰেণীৰ ছাত্ৰৰ । NDRF ছাত্ৰ দুজনৰ সন্ধানত অভিযান চলাই যদিও উদ্ধাৰ কৰিবলৈ সক্ষম নহল।