নগাঁও: ৰহাৰ দেউবালি-জাকৰুৱাত কৰুণ ঘটনা,পথাৰৰ পৰা গৰু আনিবলৈ গৈ দ পানীত ডুবি শোকাৱহ মৃত্যু যুৱকৰ
Nagaon, Nagaon | Sep 16, 2025 ৰহাৰ দেউবালি-জাকৰুৱাত কৰুণ ঘটনা৷ মংগলবাৰে সন্ধিয়া পথাৰৰ পৰা গৰু আনিবলৈ গৈ দ পানীত ডুবি শোকাৱহ মৃত্যু যুৱকৰ৷ যুৱকজনৰ নাম প্ৰণৱ দাস । পিচত স্থানীয় লোকে পানীৰ পৰা উদ্ধাৰ কৰে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিয়ে আৰু ৰহা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে৷ জাকৰুৱাৰ কৃষ্ণকান্ত দাসৰ একমাত্ৰ সন্তান প্ৰণৱৰ এই আকস্মিক মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷