বাঘবৰ: কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰী ছাবিনা ইয়াচমিন হুছেইনৰ আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ
বৰপেটা জিলাৰ মন্দিয়া উন্নয়ন খণ্ডৰ অধীনস্থ কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰী ছাবিনা ইয়াচমিন হুছেইনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰে ৷ কাদং গাওঁ পঞ্চায়তৰ সভানেত্ৰী ছাবিনা ইয়াচমিন হুছেইনৰ কাৰ্যভাৰ গ্ৰহণ কৰা উপলক্ষে দিনযোৰ কাৰ্যক্ৰমনিকাৰে বিশেষ সভা অনুষ্ঠিত কৰা হয়। সভাত সভানেত্ৰী ছাবিনা ইয়াচমিন হুছেইনে কয় পঞ্চায়তখনৰ উন্নয়নৰ বাবে তেও সাধ্য অনুসৰি কাম কৰি যাব ৷ তাৰ বাবে সভানেত্ৰী গৰাকীয়ে পঞ্চায়তখনৰ ৰাইজৰ সহায় সহযোগিতা কামনা কৰে ৷