ডুমডুমা: কাকপথাৰ ডিৰাক গেটত অসমীয়া যুৱকক CRPF য়ে আক্ৰমণ কৰা অভিযোগত মটক যুৱ ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ
মঙ্গলবাৰে দুপৰীয়া প্ৰায় ১ বজাত কাকপথাৰ ডিৰাক গেটত অসমীয়া যুৱকক CRPF য়ে আক্ৰমণ কৰা অভিযোগত মটক যুৱ ছাত্ৰ সন্মিলনে এক প্ৰতিবাদ সাব্যস্ত কৰে । অভিযোগ অনুসৰি এটা পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰা এখন বাহনৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনৰ সৈতে আলোচনা কৰাৰ সময়ত সুৰামত্ত হৈ কেইজনমান চি আৰ পি এফ জোৱানে দুজন অসমীয়া যুৱকক মাৰপিত কৰে ।