চেঙা: চেঙা সমষ্টিৰ বিৰলা চৰত অনুষ্ঠিত হব সদৌ অসম ভিত্তিত নাও খেল প্ৰতিযোগিতা, উদ্যোগতাৰ সংবাদমেল
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিৰলা চৰৰ ছিৰাজ উদ্দিন মেমৰিয়াল ক্লাবৰ উদ্যোগত সদৌ অসম ভিত্তিত নাও খেল অনুষ্ঠিত হব। আয়োজক সমিতিয়ে ৰবিবাৰে সংবাদ মেলৰ আয়োজন কৰি কয় অহা ৮ আৰু ৯ অক্টোবৰত দুদিনিয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব নাও খেল প্ৰতিযোগিতা। খেলৰ প্ৰথম পুৰস্কাৰ বাজাজ পালচাৰ আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব বাজাজ প্লেটিনা বাইক।