সোণাৰি: টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰৰ উপস্থিতিত সোণাৰিত টাইপাত যোগদান কৰিলে ডেৰকুৰিৰো অধিক যুৱকে
সোণাৰিত টাইপাত যোগদান কৰিলে ডেৰকুৰিৰো অধিক যুৱকে। সোণাৰি নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন সভাত যোগদান কৰিলে এইসকল যুৱকে। টাইপা চৰাইদেউ জিলা সমিতিৰ সভাপতি নিলোৎপল গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁৱৰ, উপদেষ্টা লোহিত গগৈ, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক পূৰ্ণানন্দ হাতীমূৰীয়াকে ধৰি বহু কেইগৰাকী কেন্দ্ৰীয় বিষয়ববীয়া উপস্থিত আছিল।