পূব ডিব্ৰুগড়: খোৱাঙৰ কোটোহাৰ ডাম্পাৰৰ খুন্দাত মৃত্যু এজন তৃতীয় শ্ৰেণীৰ ছাত্ৰৰ,দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালকৰ পলায়ন
খোৱাঙৰ কোটোহাত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত এজন ছাত্ৰ। মৃত ছাত্ৰজনৰ নাম কুঞ্জন ঘাটোৱাৰ। কোটোহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ ছাত্ৰজনে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল । সেই সময়তে চাৰিলেনযুক্ত পথত ভুল দিশে আহি থকা AS06BC8268 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়ে ছাত্ৰজনক । ডাম্পাৰখনৰ খুন্দাত ক্ষত-বিক্ষত হৈ পৰে ছাত্ৰজন । দুৰ্ঘটনা সংঘটিত কৰি ডাম্পাৰখনৰ চালকে পলায়ন কৰিছে । আৰক্ষীয়ে ইতিমধ্যে ডাম্পাৰখন নিজৰ জিম্মাত লৈছে ।