ধেমাজি: জোনাইৰ লেকু গাঁৱৰ একেটা পৰিয়ালৰ ২০ দিন ধৰি নিৰুদ্দেশ হৈ আছে চাৰিজনকৈ লোক, পৰিয়ালৰ মাজত হাহাকাৰ।
বুধবাৰে দিনৰ ২ বজাত সংবাদমাধ্যমক পৰিয়ালৰ লোকে জানিব দিয়া মতে জোনাইৰ অসম অৰুণাচল সীমান্ত লেকু গাঁৱৰ একেটা পৰিয়ালৰ পৰা আজি ২০ দিন ধৰি নিৰুদ্দেশ হৈ আছে চাৰিজনকৈ লোক। যোৱা ১৪ মাৰ্চ তাৰিখে পুৱাই বেঙ্কলৈ বুলি ওলায় যোৱাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰে লোক কেইজন। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে জোনাইৰ লগতে অৰুণাচলৰ বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰে যদিও কোনোধৰণৰ সম্ভেদপাবলৈ সক্ষম নহ'ল। সন্ধানহীন লোক কেইজনক সন্ধান পালে ওচৰৰ আৰক্ষী অথবা 8473043190 মোবাইল নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ