বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত শেহতীয়াকৈ নাবালক আৰু একাধিক ব্যক্তি পানীত ডুব যোৱাৰ ঘটনাৰ বাবে মানৱ জীৱনৰ প্ৰতি আহি পৰা সম্ভাব্য বিপদ প্ৰতিহত কৰিবলৈ আৰু জিলাখনত দুৰ্যোগ সদৃশ পৰিস্থিতি হ্ৰাস কৰিবলৈ বিশ্বনাথৰ জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ মুণিন্দ্ৰ নাথ ঙাটেই জিলাখনৰ বিভিন্ন স্হান আৰু নদীৰ ঘাট আদিত সাঁতোৰা অথবা গা-ধোৱাৰ ক্ষেত্ৰত তাৎক্ষণিকভাৱে বাধা আৰোপ কৰিছে।