নগাঁও: নগাঁৱৰ এলফিষ্টন চাৰিআলিত আমছু আৰু সচেতন নাগৰিক সমাজৰ উদ্যোগত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান
Nagaon, Nagaon | Sep 21, 2025 অসম সম্পদ হাৰ্টথ্ৰ'ৱ জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ সমগ্ৰ ৰাজ্যবাসী। সমগ্ৰ ৰাজ্যৰ লগতে নগাঁৱতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে পালন কৰিছে শোক দিবস অনুষ্ঠিত কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। আজি নগাঁও জিলা আমছু আৰু সচেতন নাগৰিক সমাজৰ উদ্যোগত নগাঁও চহৰৰ এলফিষ্টন চাৰিআলিত আয়োজন কৰা হয় এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। মৌন পাৰ্থনাৰে আৰম্ভ হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জুবিন গাৰ্গৰ কৰ্মৰাজীৰ বিষয়ে ব্যাখ্যা আগবঢ়োৱাৰ লগতে সকলোৱে জুবিন গাৰ্গক স্মৰণ কৰে