নগাঁও: কলিয়াবৰত চোৰৰ উপদ্ৰৱ,কলিয়াবৰৰ আক্ৰোহীচুকৰ এঘৰত চোৰে চলালে লুট-পাত,আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত
Nagaon, Nagaon | Oct 21, 2025 কলিয়াবৰত চোৰৰ উপদ্ৰৱ। কলিয়াবৰৰ আক্ৰোহীচুকৰ এঘৰত চোৰে চলালে লুট-পাত,মঙলবাৰে বিয়লি প্ৰায় দিনৰ প্ৰায় ১২ মান আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।উল্লেখ্য যে গৃহস্থ ঘৰত নথকাৰ সুযোগ গ্ৰহণ কৰি ৰাজু মণ্ডল নামৰ লোকজনৰ ঘৰত চোৰ সোমাই লুটি নিলে সোণ - ৰূপৰ গহণা,নগদ ধন। ঘটনাস্থলিত জখলাবন্ধা আৰক্ষী উপস্থিত হৈ আৰাম্ভ কৰিছে তদন্ত।ইফালে উক্ত অঞ্চলটোত বিগত কেইবামাহ ধৰি চুৰে লুটপাট কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে যদিও চুৰ ধৰাত ব্যৰ্থ আৰক্ষী ।