নগাঁও: চামগুৰিত " গ্ৰন্থ বৰ্ষৰ" ল লগত সংগতি ৰাখি পোন প্ৰথমবাৰৰ বাবে গ্ৰন্থ মেলাৰ আয়োজন
Nagaon, Nagaon | Nov 1, 2025 ২০২৫ চনক অসম চৰকাৰে "কিতাপৰ বৰ্ষ"বা "গ্ৰন্থ বৰ্ষ" হিচাপে পালন কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে।অসম চৰকাৰে কেইবাখনো ৰাজ্যৰ বিভিন্ন প্ৰান্তত গ্ৰন্থমেলা উদযাপন কৰিবলৈ সিদ্ধান্ত লৈছে।অসম চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনায় চামগুৰিত পোন-প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে গ্ৰন্থ মেলা। ৰাজ্য চৰকাৰে ঘোষণা কৰা "গ্ৰন্থ -বৰ্ষ"ৰে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ বাবে চামগুৰিৰ মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছে মহাবিদ্যালয় গ্ৰন্থমেলা।