ধেমাজি: কেবাৰাংগ গাঁৱত মিচিং জনগোষ্ঠী কৃষিভিত্তিক ধৰ্মীয় পঃৰাগ উৎসৱ উদযাপন,গুমৰাগৰ নৃত্যত মুখৰ চৌদিশ
শুক্ৰবাৰে পুৱা ৯ বজাৰ পৰা নিৰ্বাচনৰ বতৰতে ঐনিতমৰ সুৰ , গুমৰাগ নৃত্যত মুখৰিত কেবাৰাংগ গাঁও ৷ কনেঙৰ গুমৰাগৰ নৃত্যত মুখৰ চৌদিশ৷ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে গাঁওখনত অনুষ্ঠিত হৈছে ৷মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক ধৰ্মীয় পঃৰাগ উৎসৱ ৷ ৪৪ টা বছৰৰ পিছত অনুষ্ঠিত কৰা এই পঃৰাগ উৎসৱক লৈ বিৰাজ কৰিছে উদুলি মুদুলি পৰিৱেশ।উৎসৱৰ আনন্দত ভাগ লৈছে গাঁৱৰ ডেকা-বুঢ়া সকলোৱে ৷পৰম্পৰাগত ৰীতি-নীতিৰে বিভিন্ন মাংগলিক কাৰ্যসূচী সমাপন কৰাৰ পাছতে সুস্বাদু ব্যঞ্জনৰ জুতি লৈছে লোকসকলে