মাটিয়া: মাটিয়াত খবিৰুল ইছলামৰ হত্যাকাণ্ডৰ ঘটনাক গৰিহণা আমছুৰ, দোষীক দৃষ্টান্ত মুলক শাস্তিৰ দাবী জনায়
Matia, Goalpara | Sep 26, 2025 মাটিয়াত খবিৰুল ইছলামৰ হত্যাকাণ্ডৰ ঘটনাক গৰিহণা আমছুৰ। আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহ সাধাৰণ সম্পাদক আনিমুল হক চৌধুৰীয়ে কয় যে গোৱালপাৰা জিলাৰ মাটিয়া থানা অন্তৰ্গত বামুনপাৰাৰ জুবিন খ্যাত খবিৰুল ইছলামক মাটিয়া বজাৰৰ মাজমজিয়াত বাকাইটাৰী গাওঁৰ ৰিতু হালৈ নামৰ লৰা এজনে হানি খুচি হত্যা কৰা ঘটনাক আমি তীব্র ভাষাৰে গৰিহণা দিছো। অতি শীঘ্রেই উক্ত ঘটনাৰ তদন্ত কৰি দোষীক কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি প্রদান কৰিবলৈ তেওঁ প্রশাসনক দাবী জনায় ।