তিনিচুকীয়া: বৰদলৈ নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা,কেইবাজনো গুৰুতৰ ভাৱে আহত
সোমবাৰে বিয়লি প্ৰায় ৩ বজাত তিনিচুকীয়া বৰদলৈ নগৰ স্থিত চিভিল চাৰিআলি পথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ঘটনা অনুসৰি ডিব্ৰুগড় পৰা তিনিচুকীয়া অভিমুখে এখন এম্বুলেঞ্চে ৰোগীক লৈ আহি থাকোঁতে তিনিচুকীয়াৰ চিভিল চাৰিআলিৰ ওচৰতে এখন মটৰ চাইকেলত খুন্দা মাৰি তীব্ৰ বেগেৰে পাৰ হৈ যাব লওঁতে দুৰ্ঘটনাটো সংঘটিত হয় ।