মহিলা উদ্যমিতা অভিযান"আঁচনিৰ আনুষ্ঠানিক ভাবে চেক প্ৰদান কৰিবলৈ আৰু বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধনৰ লগতে নতুন আধাৰশিলা স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডুমডুমা বিধানসভা সমষ্টি ভ্ৰমণ কৰিব । উক্ত কাৰ্যসূচী সফল ভাবে ৰূপায়ণ কৰা সন্দৰ্ভত আলোচনা কৰাৰ উদ্দেশ্যেৰে বুধবাৰে সন্ধ্যা ৭ বজাত সমজিলা প্ৰশাসনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় শ্ৰম মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালাই ।