দেৰগাঁও: "এদিন বা এঘণ্টাৰ কাৰণে হ'লেও জুবিনক যোৰহাটলৈ আনিব লাগিব",যোৰহাটত জুবিনক বিচাৰি দেৰগাঁৱত তীব্ৰ প্ৰতিবাদ
এদিন বা এঘণ্টাৰ কাৰণে হ'লেও জুবিনক যোৰহাটলৈ আনিব লাগিব। যোৰহাটত জুবিন গাৰ্গক বিচাৰি সোমবাৰে দিনৰ প্ৰায় ১২ বজাৰ পৰা দেৰগাঁৱত তীব্ৰ প্ৰতিবাদ। জুবিন দাক যোৰহাটত লাগিবই ধ্বনিৰে উত্তাল হৈ পৰিল দেৰগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ।স্থানীয় ৰাইজ,বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত সাব্যস্ত কৰে এই প্ৰতিবাদ। উল্লেখ্য যে, জুবিন গাৰ্গৰ শেষকৃত্যৰ দাবী উত্থাপন কৰিছিল যোৰহাটবাসীয়ে। এই সিদ্ধান্ত চৰকাৰে মানি নোলোৱাৰ পাছত যোৰহাটবাসীৰ দাৰী প্ৰতি সমৰ্থন জনাই আজি দেৰগঞাই সাব্যস্ত কৰে প্ৰতিবাদ।