সোণাৰি: জুটুলনিত বাইকৰ খুন্দাত যুৱকৰ মৃত্যু, অঞ্চলজুৰি শোকৰ ছাঁ
সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত জুটুলনিত দেওবাৰে তিনি বজাত পথৰ কাষত স্কুটিত বহি থকা অৱস্থাত এখন তীব্ৰ বেগী বাইকে খুন্দা মৰাত স্কুটীত বহি থকা চৌথাম তামুলী নামৰ যুৱক জন গুৰুত্বৰ ভাবে আঘাত প্ৰাপ্ত হয়। ততালিকে যুৱক জনক চৰাইদেউ জিলা চিকিৎসালয় লৈ অনা হয় যদিও চিকিৎসকে উন্নত চিকিয়সাৰ বাবে ডিব্ৰুগড় এ এম চি লৈ প্ৰেৰণ কৰে । কিন্তু যুৱক জন আদবাটতে মৃত্যু হয়। যুৱক জনৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোক ছাঁ পেলাই । নিহত যুৱক জন এটি সন্তানৰ পিতৃ আছিল ।