জোনাইৰ গালীস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহস্পতিবাৰে দিনৰ ১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে অৰুণাচল প্ৰদেশৰ নাৰীৰ এখন নিৰ্বাচনী সভাৰ পৰা আহি থকা তীব্ৰবেগী চাৰিচকীয়া বাহনে বিপৰীত দিশৰ পৰা অহা এজন চাইকেল আৰোহীক বচাবলৈ লওঁতে দুৰ্ঘটনা সংঘটিত হয়। ৰাষ্ট্ৰীয় ঘাইপথত থকা এডাল গছত প্ৰচণ্ড জোৰে খুন্দিওৱাৰ ফলত বাহনখনৰো যথেষ্ট ক্ষতিসাধন হয়।