শদিয়া: ধলা শদিয়া দলং সংযোগী পথত পথ দুৰ্ঘটনা
থিতাতে নিহত এজন ,১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ স্থানীয় ৰাইজৰ
মঙ্গলবাৰে সন্ধ্যা প্ৰায় ৬ মান বজাত ডুমডুমা ধলা শদিয়া দলং সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত । ধলাৰ পৰা শদিয়া দিশত গৈ থকা এখন তীব্রবেগী অচিনাক্ত বাহনে মহতিয়াই নিলে শুকলাল কষ্টা নামৰ এগৰাকী (৬৫ ) বৃদ্ধক । দিন হাজিৰা কৰি ঘৰলৈ উভতি আহি থাকোঁতে ১১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হওঁতে এনেদৰে অকাল মৃত্যু সাৱটি লব লগা হয় বৃদ্ধ জনে # ঘটনা থলীত ধলা আৰক্ষী উপস্থিত হৈ ঘটনাৰ কৰাৰ লগতে # মৃতদেহ মৰণোওতৰ পৰীক্ষা কৰিবলৈ শদিয়ালৈ প্ৰেৰণ কৰে ।