বঙাইগাঁও ভাগ: মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে মেডিকেল কলেজত উপস্থিত হৈ নিৰাপত্তা সুনিশ্চিত কৰে DIG, জেষ্ঠ্য আৰক্ষী অধীক্ষক, জিলা আয়ুক্তই
অহাকালি অৰ্থাৎ ১৭ ছেপ্টেম্বৰ তাৰিখে বঙাইগাঁও মেডিকেল কলেজত উপস্থিত হব অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। মেডিকেল কলেজত উপস্থিত হৈ ৰক্তদান শিবিৰত ভাগ লব মুখ্যমন্ত্ৰীয়ে।মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে মঙ্গলবাৰে দিনৰ প্ৰায় ২ মান বজাত মেডিকেল কলেজত উপস্থিত DIG, জেষ্ঠ্য আৰক্ষী অধীক্ষক, জিলা আয়ুক্ত সহ অন্যান্য জিলা প্ৰশাসনৰ বিষয়া সকল। মেডিকেল কলেজৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আৰু কোনো যাতে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহয় তাৰ বাবে নিৰীক্ষণ কৰা হয় মেডিকেল কলেজখন।